16
Aug
ভি-ৰ কণ্টেণ্ট এগ্ৰিগেটৰ(সমল একত্ৰক) প্লেটফৰ্ম ভি মুভিজ এণ্ড টিভি-এ ভাৰতৰ ৭৯ সংখ্যক স্বাধীনতা দিৱস উদযাপনক লাইভ ষ্ট্ৰীমিং আৰু বিশেষভাৱে প্ৰস্তুত কৰা দেশপ্ৰেমমূলক সমলৰ জৰিয়তে দৰ্শকৰ বাবে অধিক আকৰ্ষণীয় কৰি তুলিবলৈ সাজু হৈছে। ভি-ৰ ব্যৱহাৰকাৰীয়ে নতুন দিল্লীৰ লালকিল্লাৰ পৰা পোনপটীয়াকৈ ভি মুভিজ এণ্ড টিভি এপত পতাকা উত্তোলন অনুষ্ঠান আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভাষণ পোনপটীয়াকৈ চাব পাৰিব, যি চাবস্ক্ৰিপচন অবিহনে সকলো ভি-ৰ ব্যৱহাৰকাৰীৰ বাবে উপলব্ধ। ইয়াৰ লগতে ভি-এ এক বিশেষ স্বাধীনতা দিৱসৰ ৱাশ্বলিষ্ট সৃষ্টি কৰিছে, য'ত জিঅ'হটষ্টাৰ, ছনীলিভ আৰু জি৫কে ধৰি ভাৰতৰ শীৰ্ষ অ'টিটি প্লেটফৰ্মসমূহৰ জনপ্ৰিয় সমলসমূহ অন্তৰ্ভুক্ত কৰা হৈছে। উল্লেখযোগ্য ছবিসমূহৰ ভিতৰত অন্যতম হৈছে : উৰি: দ্য চাৰ্জিকেল ষ্ট্ৰাইক, মুখবীৰ-দ্য ষ্টৰী…
